বিদ্যালয়ত এৰি অহা দিনবোৰ ৷

স্কুল বা বিদ্যালয় এটি মাত্ৰ শব্দ নহয় ৷ ই এক পৃথিৱী যিয়ে আমাক জীৱনৰ দ্বিতীয় খোজটি দিবলৈ শিকাই ৷ যিয়ে আমাক জীৱনৰ এটা সময়লৈ , এটা পথলৈ আগুৱাই লৈ যায় ৷ আমি জন্ম হোৱাৰ ৪-৬ বছৰৰ ভিতৰত আমাক বিদ্যালয়ত নাম লগোৱাই দিয়ে আমাৰ মা-দেইতা , ককা-আইটা হতে ৷ আমি বিদ্যালয়লৈ লাহে-ধিৰে যোৱা আৰম্ভ কৰো ৷ আৰু তেতিয়াও জীৱনৰ প্ৰথম এযোৰ বিশেষ কাপোৰৰ স’তে আমাক চিনাকী কৰোৱাই দিয়া হয় ৷ গা-পা ধুৱাই , ভাতকেইটামান খুৱাই , অলপ পাউডাৰ অথবা মুখত ক্ৰীম সনাই বিদ্যালয়লৈ লৈ যোৱা হয় ৷ প্ৰথমদিনাখন হয়তোবা কোনোবাই কান্দে-নাকান্দে ৷ কান্দিলে চকলেট কেইটামান বেছিকৈ দিয়ে ৷ মৰমেৰে কথাকেইষাৰ মান বেছিকৈ কয় ৷ বুজনি দিয়ে ৷ আৰু আৰম্ভ তেনেকৈয়ে হয় সকলোৰে ৷ সৰুতে নাচ-গান শিকাই , আখৰৰ স’তে পৰিচয় কৰোৱাই দিয়ে , বিভিন্ন খেল শিকাই , হাহি-ফূৰ্তি কৰিবলৈ শিকাই ৷ কিযে নিশিকাই মানে ৷ বাৰ বজাত পাঠদান শেষ হৈ ঘৰলৈ আহি পোৱা পিছত আকৌ পাছদিনাখন একেই ৷ তাৰপিছত কিতাপৰ স’তে খেলিবলৈ শিকাই ৷ অ মানে অমিতা , আ মানে আপেল , ক মানে কমলা , খ মানে খৰম , A for apple , B for ball , C for cat , D for doll , একে-একে দুই , একে-দুই তিনি বিভিন্ন ৷ এনেকৈয়ে বাৰ বজাৰ পৰা দুই বজা হয় যায় ৷ সেই ধেমালী , অ-আ ক-খ ৰ পৰা অসমীয়া , সাধাৰণ গণিত , মৌখিক , সমাজ-বিজ্ঞান , সাধাৰণ বিজ্ঞান , ইংৰাজীয়ে আহি স্হান লয় ৷ সময় গৈ থাকে সেই হিচাপত পাঠদানৰ কাৰ্যসূচি , ধেমালীবোৰ , কিতাপত থকা শাৰীবোৰ সলনি হৈ গৈ থাকে ৷ এদিন হঠাৎ হিন্দী , প্ৰাচীন সাহিত্য , সংস্কৃত ( ঋজুভাৰতী ) আহি যায় ৷ বিভিন্নজন সমাজৰ ব্যক্তিৰ জীৱনধাৰা বিষয়ে , সমাজ ব্যৱস্হাৰ বিষয়ে , পৃথিৱীৰ মাধ্যকৰ্ষণ শক্তিৰ পৰা আৰম্ভ কৰি বাওঁহতীয়া নীতিলৈকে , সেই একে-একে দুই ৰ পৰা আৰম্ভ কৰি (a+b)³ = a³ + 3a²b + 3ab² + b³ লৈকে , গছে-গছে পাতি দিলে ফুলৰে শৰাই অ ৰাম ৰাম ফুলৰে শৰাইৰ পৰা বিভিন্নজন বিখ্যাত সাহিত্যিক , কবিৰ ৰচনাৰাজিলৈকে , A for apple , B for ball ৰ পৰা সেই Nelson Mandela – A long walk to freedom লৈকে আহি পায় ৷ প্ৰতিতো শ্ৰেণীতে আমি এৰি আহো কিছু স্মৃতি ৷ সলনি হয় আমাৰ শিক্ষাগুৰুসকলো ৷ নতুন-নতুন শিক্ষাগুৰু ৷ কিন্তু ইয়াৰ মাজতো থাকে আমাৰ সকলোৰে হাই-কাজিয়া , বন্ধুত্বৰ এক এৰিব নোৱাৰা এনাজৰী ৷ বন্ধু-বান্ধৱীৰ বাবে আনৰ স’তে দাদাগিৰী কৰা , তাহাতৰ সহায়ত প্ৰেম কৰিবলৈ শিকা , পৰীক্ষাত নকল মাৰিবলৈ শিকা ইত্যাদি ৷ পৰীক্ষাৰ সময়ত এজনে-আনজনৰ পিনে চাই থকা কিজানী পাৰিলে কিবা এটা পাওৱেই , কিবা এটা বন্ধু-বান্ধৱীক ক’বলৈকে পাৰো ৷ শ্ৰেণীৰ পৰা শ্ৰেণী গৈ থাকো কিন্তু বন্ধু-বান্ধৱী একেই থাকে ৷ প্ৰতিটো সময়ত সেই প্ৰথম বিদ্যালয়লৈ যোৱা দিনা এজনে আনজনৰ পিনে চাই হহা-কন্দা কৰা , কেতিয়াবা হাজাৰ কাজিয়া কৰিলেও , নমতাকৈ থাকিলেও একেই থাকে ৷ শাস্তিবোৰ সেই কাণত ধৰা , এচাৰিৰ কোৱ খোৱা আহাহা বাপৰে-বাপ কি বিষায়ছিলে সেইবোৰৰ পিছতো সকলো একে থাকো ৷ বন্ধুৰ মাজত প্ৰথম নৱমমান শ্ৰেণীত আৰম্ভ হয় এটি সৰু ভাঙোনৰ ঐশ্বিক বিষত ৷ আৰু এনেকৈয়ে এদিন দশম তাৰপিছত শেষ হয় যায় সকলো ৷ কিমান কি ন ৷ আৰম্ভ ক’ত শেষ ক’ত ৷ ক’ৰ পৰা কি আহি পাওঁ ৷ কেনেকৈ সময় শেষ হৈ যায় ৷ জীৱনৰ সেই বিশেষ দিনকেইটা কেৱল অতিত হৈ ৰয় ৷

তেনেকৈয়ে লাহে-লাহে বিদ্যালয় কি , ইয়াৰ মাদকতা , সকলোবোৰ মনলৈ আহে ৷ কিন্তু নাহে কেৱল ঘূৰি সেইদিনবোৰ ৷

.

#itsking311 😉

ধন্যবাদ ❤ ৷

কাৰ্গিল বিজয় দিৱস ৷

১৯৯৯ চনৰ ২৬ জুলাই এই ঐতিহাসিক দিনটো প্ৰত্যেকজন ভাৰতীয়ই স্মৰণ কৰা উচিত ৷ কিয়নো ১৮ বছৰ আগুতে আজিৰ এই দিনটোতেই ভাৰতে চিৰবৈৰী পাকিস্তানক কাৰ্গিল যুদ্ধত হৰুৱাই জয়ী হৈছিলে ৷

৩ মে – কাশ্মীৰি ভেড়া ৰখীয়া কেইজনমানে পাকিস্তান সেনাৰ এটা দলক অনুপ্ৰৱেশ কৰা দেখি খবৰ দিছিলে ভাৰতীয় সেনাক ৷

৫ মে – অনুসন্ধানৰ বাবে পঠিওৱা পাঁচজনীয়া ভাৰতীয় সেনাৰ দলটোক পাকিস্তানী সেনাই অতি বৰ্বৰতাৰে হত্যা কৰে ৷

৯ মে – পাকিস্তান সেনাৰ দ্বাৰা কাৰ্গিলৰ স্হানসমূহত গোলা-বাৰুদেৰে ধ্বংস কৰি দিয়া হয় ৷

১০ মে – কাশ্মীৰৰ ড্ৰাচ , কাকচাৰ আৰু মুস্ক ছেক্টৰত পাকিস্তান সেনাৰ অনুপ্ৰৱেশ দেখা পোৱা যায় ৷

১১ মে-২৫ মে – ভাৰতীয় সেনাৰ অতিৰিক্ত পাল্টুনক কাশ্মীৰ ভেলীৰ পৰা কাৰ্গিল ছেক্টৰলৈ পঠোৱা হয় ৷

২৬ মে – ভাৰতীয় বায়ুসেনাই পাকিস্তানী সেনাৰ অনুপ্ৰৱেশকাৰীৰ ওপৰত প্ৰচণ্ড আক্ৰমণ কৰে ৷

২৭ মে – ভাৰতীয় বায়ুসেনাৰ দুখন যুজাৰু বিমান মিগ-২১ আৰু মিগ-২৭ ধ্বস হৈ আৰু ফ্লাইট লিউটিনেণ্ট নাছিকেটাক বন্ধকি কৰা হয় ৷

২৮ মে – এম আই-১৭ হেলিকপ্তাৰ এখনক পাকিস্তানী সেনাৰ দ্বাৰা ধ্বংস কৰাত চাৰিজনকৈ সেনাৰ মৃত্যু হয় ৷

১ জুন – পাকিস্তানে ১ নং ৰাষ্ট্ৰীয় ঘাইপথত গোলা-বাৰুদেৰে ধ্বংস কৰি নিজৰ অধীন কৰে ৷

৫ জুন – ভাৰতীয় সেনাই তিনিজন পাকিস্তানী সেনাৰ পৰা পোৱা গোপন অনুপ্ৰৱেশৰ তথ্য প্ৰকাশ কৰে ৷

৬ জুন – কাৰ্গিল যুদ্ধ আৰম্ভ ৷ ভাৰতীয় সেনাই কাৰ্গিল উদ্ধাৰৰ অভিযানত নামে ৷ দেশৰ বিঙিন্ন অঞ্চলৰ পৰা কম্পেনীসমূহক কাশ্মীৰ পঠোৱা হয় যুদ্ধৰ বাবে ৷

৯ জুন – বাটালিক ছেক্টৰ দুটাকৈ প্ৰধান অঞ্চল ভাৰতীয় সেনাই উদ্ধাৰ কৰে ৷

১১ জুন – ভাৰতীয় সেনাই ৰ’ এজেণ্টৰ পৰা পোৱা পাকিস্তান সেনাৰ জেনৰেল পাৰভেজ মুছাৰাফ আৰু লিউটিনেণ্ট জেনৰেল আজিজ খানৰ ৰাৱালপিন্দিত হোৱা কথোপকথোনৰ দ্বাৰা যুদ্ধৰ আগজাননী পাই ৷ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠকত যুদ্ধৰ বাবে সাজু হ’বলৈ সকলোকে নিৰ্দেশ দিয়া হয় ৷

১৩ জুন – ভাৰতীয় সেনাই ড্ৰাচ ছেক্টৰৰ বাকি অংশ উদ্ধাৰ কৰে ৷

১৫ জুন – আমেৰিকান ৰাষ্ট্ৰপতি বিল ক্লিণ্টন ডাঙৰীয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰী নাৱাজ শ্বৰীফক ফোন কৰি পাকিস্তানী সেনাক আতঁৰি আহিবলৈ নিৰ্দেশ দিয়ে ৷

২৯ জুন – ভাৰতীয় সেনাই টাইগাৰ হিলৰ দুটা বিশেষ পইণ্ট ৫০৬০ আৰু ৫১০০ উদ্ধাৰ কৰে ৷

২ জুলাই – ভাৰতীয় সেনাই তিনিটা ডাঙৰ আক্ৰমণ চলাই টাইগাৰ হিলত ৷

৪ জুলাই – ১১ ঘণ্টাৰ যুদ্ধৰ অন্তত ভাৰতীয় সেনাই টাইগাৰ হিল নিজৰ দখললৈ আনে ৷

৫ জুলাই – ভাৰতীয় সেনাই ড্ৰাচ ছেক্টৰৰ সম্পূৰ্ণ নিজৰ দখলত আনে ৷ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী নাৱাজ শ্বৰীফে পাকিস্তানী সেনাক কাৰ্গিলৰ পৰা আতঁৰি আহিবলৈ নিৰ্দেশ দিয়ে ৷

৭ জুলাই – ভাৰতীয় সেনাই বাটালিক ছেক্টৰৰ জুবাৰ পইণ্ট উদ্ধাৰ কৰে ৷

১১ জুলাই – ভাৰতীয় সেনাই সম্পূৰ্ণৰূপে বাটালিক ছেক্টৰ দখল কৰে ৷ পাকিস্তানী সেনা আতঁৰি যাবলৈ আৰম্ভ কৰে ৷

১৪ জুলাই – নিৰাপত্তা পৰিষদৰ বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ‘ অপাৰেচন বিজয় ’ ৰ শুভ বিজয় ঘোষণা কৰে ৷ আৰু পাকিস্তানৰ স’তে কথা পাতিবলৈ চৰ্ত ৰাখে ৷

২৬ জুলাই – কাৰ্গিল যুদ্ধৰ অৱসান ঘটে ৷ ভাৰতীয় সেনাই যুদ্ধত জয়ী হোৱাৰ বাৰ্তা দেশত ঘোষণা কৰে ৷

এই যুদ্ধত ৫২৭ জন ভাৰতীয় সেনাৰ মৃত্যু হয় ৷ ১৩৬৩ জন সেনা আহত হয় ৷ ১ জন ভাৰতীয় সেনাক যুদ্ধবন্দি হয় ৷ ২ খন যুজাৰু বিমান আৰু ১ খন হেলিকপ্তাৰ ধ্বংস হয় ৷ ভাৰতীয় সেনাৰ আক্ৰমণত ১৬০০ জন পাকিস্তানী সেনাৰ মৃত্যু হয় ৷

.

সেয়ে প্ৰত্যেকজন ভাৰতীয়ই আজি ৰ দিনটো অন্তত স্মৰণ কৰা উচিত আমাৰ সেই বীৰ সন্তানসকলৰ আত্মাৰ শান্তিৰ বাবে ৷

মই তিনিসেনাক , আভ্যন্তৰীণ-বাহ্যিক চোৰাংচোৱা বিভাগ , অৰ্ধসামৰিক বাহিনী তথা কমাণ্ডাৰ-ইন-চীফ , ডেপুটি চীফ , ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সমূহ সদস্যক ধন্যবাদ জনালো দেশক বিজয় কৰোৱা বাবে ৷

.

#জয়আইঅসম

#জয়ভাৰত

#itsking311 😉

ধন্যবাদ ❤ ৷

জি এছ টি আৰু ইয়াৰ সন্দৰ্ভত জানিব লগীয়া কিছু ৷

১৯৪৭ চন , ১৫ আগষ্ট মাজনিশা ভাৰতৰ ঐতিহাসিক চেণ্ট্ৰেল হলত ব্ৰিটিছৰ ২০০ বছৰীয়া দমনৰ পৰা মুক্ত ভাৰতক এখন স্বাধীন দেশৰূপে ঘোষণা কৰা হৈছিল ৷ আৰু আজি স্বৰাজোত্তৰ ৬৯ বছৰ পিছত ৰাতি ঠিক ১০:৪৫ বজাৰ লগে-লগে সেই একেটা হলতে চতুৰ্থবাৰৰ বাবে বৈঠক অনুষ্ঠিত হ’ব আৰু মাজৰাতি ১২ বজাত বহু প্ৰতীক্ষিত ‘ গুড এণ্ড ছাৰ্ভিচ টেস্ক , চমুকৈ জি এছ টি ’ পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ খনত বলৱৎ হ’ব ৷

প্ৰথমে আহো এই জি এছ টি আচঁলতে হয় কি ? কি দেশখনক কি দিব-নিদিব ? দেশৰ উন্নতিত ই কিমান লাভ-লোকচানজনক হ’ব ?

জি এছ টি হ’ল দেশৰ সকলো পৰোক্ষ কৰক একত্ৰিত কৰি দেশৰ কৰ ব্যৱস্হাত সংস্কাৰ সাধনাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰিবলগীয়া এক পণ্য আৰু সেৱা কৰ ৷ ই দেশখনৰ অতি জটিল কৰ গাঁথনিক শিথিল কৰিব ৷ কথাটো এনে ধৰণৰ যে ভাৰতীয় সংবিধানে সামগ্ৰী বিক্ৰি কৰ আৰোপৰ ক্ষমতা ৰাজ্য আৰু সামগ্ৰী উৎপাদন আৰু সেৱা কৰ আৰোপৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত দিছে ৷ সেয়ে প্ৰতিখন ৰাজ্যত বৃহৎ উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে থকা কৰো বেলেগ-বেলেগ ধৰণৰ হয় ৷ দেশত চলি থকা এই জটিল কৰ ব্যৱস্হাটোত সামগ্ৰী আৰু সেৱাৰ হীন-ডেঢ়ি আৰু হেৰফেৰবোৰ দিনে-দিনে বাঢ়ি যোৱাৰ ফলত সামগ্ৰীৰ মূল্য অনিয়ন্ত্ৰিত হৈ গৈছিলে ৷ সেয়ে কেন্দ্ৰীয় চৰকাৰে সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰিত কৰিবলৈ তথা দেশৰ অশুভ কৰ ব্যৱস্হাৰ বিলুপ্তি ঘটাবলৈ এই জি এছ টি বলৱৎ কৰিবলৈ ওলাইছে ৷

জি এছ টি কিছু ক্ষেত্ৰত যেনেকৈ প্ৰশংসনীয় তেনেদৰে কিছু ক্ষেত্ৰত মাধমাৰ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে ৷ উদাহৰণস্বৰূপে আমি যদি আলু বজাৰৰ পৰা আগুতে ৪০ টকা প্ৰতি কিলো কিনি খাইছিলো এতিয়া আমি ১০ টকা প্ৰতি কিলো পাবলৈ সফম হ’ম ৷ কথা হ’ল কেনেকৈ ? আমি খাই থকা বেছিভাগ আলু আমাৰ ৰাজ্যৰ নহয় সেয়া সকলো বহিৰাজ্যৰ পৰা আমদানি কৰা হয় ৷ ধৰি লোৱা পশ্চিমবংগৰ পৰা তুমি আলু কিনিছা প্ৰতি কিলো ১০ টকাকৈ আৰু সেয়া অসম আহি পাওঁতে বহুতো ধৰণৰ কৰ দি আহি থকাৰ ফলত অসমত ৪০ টকা প্ৰতি কিলো হয় যায় ৷ সেয়া আছিল আগৰ কৰ ব্যৱস্হা আৰু জি এছ টি ৰূপায়ণৰ ফলত দেশত সকলো কৰ একে হ’ব সকলোতে আৰু ফলত পশ্চিমবংগৰ পৰা ১০ টকাত কিনি অনা আলু তুমি ৪০ টকাত কিনি খাব লগা নহ’ব , দাম যথেষ্ট কমি যাব ৷ অৰ্থনীতিবিদসকলৰ মতে জি এছ টি ৰ ফলত দেশত ব্যৱসায় কৰাটো আগতকৈ সম্ভৱপৰ হৈ উঠিব আৰু সহজ হ’ব ৷ মাধমাৰ আৰু লোকচানৰ দিশটোৰ পৰা সহজ অৰ্থত ক’বলৈ গ’লে বিমুদ্ৰাকৰণে যেনেকৈ দেশৰ অৰ্থনীতিত ব্যাঘাট জন্মাইছিল , এই জি এছ টিয়েও একেখনেই কাৰবাৰ কৰিব ৷ মই নকওঁ আৰু কোৱাওঁ নাই যে ই বেয়া , ই ধ্বংস কৰিব সকলো কিন্তু মই এইটো নিশ্চয় কম যে ইয়াৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকলে যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লাগিব আৰু ই এক অভিশাপস্বৰূপ হৈ যাব ৷ প্ৰায় পাঁচ-ছমাহলৈকে দেশত এক দুৰ্বোধ্যতাৰ সৃষ্টি হ’ব যিয়ে হয়তোবা অৰ্থনৈতিক গাঁথনিত বিৰূপ প্ৰভাৱ পেলাব ৷ জি এছ টি বলৱৎ হোৱাৰ লগে-লগে দেশত থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ১০০ শতাংশই বাৰুকৈ প্ৰভাৱিত হ’ব কিয়নো আপুনি লেন-দেনৰ প্ৰত্যেকটো তথ্য সময়ে-সময়ে জনাই থাকিব লাগিব আৰু যিটো কম্পিউটাৰ শিক্ষা অবিহনে অসম্ভৱ ৷ দেশত কিমানজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে কম্পিউটাৰ চলাবলৈ জানে ? কিমান জনে উদ্যোগীসকলৰ দৰে লেন-দেন কৰিবলৈ জানে ? মোৰ দৃষ্টিত তেনেই নগন্য ৷ এইটো ক্ষেত্ৰত ক্ষুদ্ৰ ব্যৱসায়ী আৰু সাধাৰণ জনতা যে নাচোৰবান্দা কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ হুকুমটোত বিপাঙত পৰিব সেইটো খাটাং ৷

বিভিন্ন ৰাজ্যত এতিয়ালৈকে একো আন্তঃগাথনিৰ ব্যৱস্হা কৰাই হোৱা নাই ইয়াৰ বাবে তেন্তে তোনে স্হলত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় বন্ধ হৈ দেশত এক হাহাকাৰ পৰিস্হিতিৰ উদ্ভৱ হোৱাটো প্ৰায় খাটাং ৷ এতিয়া বাকিবোৰত নাজাও আমাৰ অসমতেই চোন একোকে কৰা নাই ৰাজ্য চৰকাৰে ৷ অথচ দেশত জি এছ টি ৰাজ্যৰ বিধানসভাত গৃহিত হোৱা প্ৰথমখন ৰাজ্যই অসম ৷ ইয়াৰ এটা কথা বুজিব পাৰি যে অসম চৰকাৰ জাতি-মাটি-ভেটিৰ ৰক্ষাকাৰী নহয় , দিল্লীৱালাৰ সকলো হুকুম মানি নিজকে ভক্ত দেখুৱাবলৈ যত্ন কৰি থকা এটা মুৰ্খ চাকৰ সদৃশ ৷ মোৰ ঘৰত যথেষ্ট লোকেই ব্যৱসায়ী আৰু তেখোতসকলৰ পৰাই শুনিছো আৰু সুধিছো,  কিন্তু তেখেতসকলে ৰাজ্য তৰকাৰে এতিয়ালৈ একোকে কৰা নাই বুলি কৈছে তথা সহযোগ বোলা একোই নাই  বিষয়াসকলৰ পৰাওঁ ৷ তেন্তে কি ক’ব অসম চৰকাৰখনক এতিয়া ? আৰু অসম চৰকাৰে একোকে নকৰাৰ আৰু এটা উদাহৰণ হ’ল ‘ এক কৰ এক ব্যৱস্হা ’ বোলা জি এছ টি ত উত্তৰ-পূবৰ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত কৰা বৈষম্যতাৰ একো ব্যৱস্হা নলোৱাৰ ৷ গোটেই দেশত জি এছ টি বলৱ্য হোৱাৰ পিছত বছৰেকত ২০ লাখ টকাৰ ব্যৱসায় কৰা ব্যৱসায়ীসকলে পঞ্জীয়ণ কৰিব লাগিব কিন্তু উত্তৰ-পূবৰ ক্ষেত্ৰত সেয়া পৰিমাণ হ’লগৈ ১০ লাখ টকা ৷ তেন্তে কি জি এছ টি হ’ল ? অসম চৰকাৰে প্ৰথমে বলৱৎ কৰাৰ এইয়া পুৰস্কাৰ দিলে নেকি অসমক কেন্দ্ৰীয় চৰকাৰখনে ? দেখা যাওঁক ১২ বজাৰ পিছত গভীৰ নিদ্ৰাত মগ্ন ৰাজ্য চৰকাৰখনে কি কৰে , কেনেদৰে ব্যৱসায়ীসকলক উদ্ধাৰ কৰে ৷

জি এছ টি ৰূপায়ণ হোৱাৰ পিছত গোটেই দেশত পেকেটিং নকৰা বিভিন্ন বস্তু কৰমুক্ত হ’ব ; যেনে – খাদ্য শস্য , সতেজ শাক-পাচলি , মাছ , মাংস , কণী,  দৈ,  মাখন , নিমখ আদি ৷ আৰু লগতে স্বাস্হ্য সেৱা , শিক্ষা সেৱা আদি ৷

৫ % কৰ আৰোপ কৰা হ’ব পেকেটিং কৰা বিভিন্ন খাদ্যসমূহত ৷ যেনে – গাখীৰ,  চেনি , ব্ৰেড , পিজ্জা , খোৱা তেল , মছলা , খাৰু , ঔষধ , ঘড়ী , কাগজ , এল পি জি , কেৰাচিন আদি ৷

১২ % কৰ আৰোপ কৰা হ’ব ফলৰ ৰস,  পেকেচিং আচাৰ , ভূজিয়া , শুকান ফল , ৱাকিটকী , ছেটটপ বস্ক , ম’বাইল ফোন আদি ৷

১৮ % কৰ আৰোপ কৰা হ’ব বিস্কুত , ৰিফাইন , কেক , কম্পিউটাৰ , পাঁচশ টকাতকৈ অধিক টকাৰ চেণ্ডেল-জোটা , নোটবুক , তীখা জাতীয় সামগ্ৰী , চি চি টিভি , চিনেমাৰ টিকত , হেলমেট আদি ৷

আৰু ২৮ % কৰ আৰোপ কৰা হ’ব ৱাছিং মেচিন , এচি , ভেণ্ডিং মেচিন , ক্লিনাৰ , হিটাৰ , ছুইং গাম , চকলেট , গুটখা-পান মছলা , বিড়ি-চিগাৰেট , ডিজিটেল কেমেৰা , বিভিন্ন ধৰণৰ গাড়ী , ছামৰাৰ সামগ্ৰী আদিৰ ওপৰত ৷

.

শেষত অনাগত দিনত প্ৰত্যেকজন ব্যক্তিকে মই নিজৰ যিকোনো পৰিস্হিতৰ বাবে সাজু কৰি ৰাখিবলৈ অনুৰোধ জনালো ৷ কোনেও যাতে নভবা-নিচিন্তাকৈ একো সিদ্ধান্ত নলয় তথা এজনে আনজনক পাৰেমানে সহায়-সহযোগীতা আগবঢ়াই ৷

বাৰু আগলৈ … ৷

.

#জয়আইঅসম

#জয়ভাৰত

#itsking311 😉

ধন্যবাদ ❤ ৷

ভাৰতীয় ক্ৰিকেট দলটিৰ পাকিস্তানৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীত পৰাজয়ৰ কাৰণসমূহ ৷

যোৱাকালি চেম্পিয়নছ ট্ৰফীৰ ভাৰত বনাম পাকিস্তানৰ ফাইনেলখেলখনত ভাৰতৰ শোচনীয় পৰাজয়ৰ কেটামান গুৰুত্বপূৰ্ণ তথা বিশেষ কাৰণ বিভিন্নজন ক্ৰিকেট বিশেষজ্ঞ তথা প্ৰাক্তন খেলুৱৈয়ে উলিয়াইছে ৷ বিভিন্নজনে যদিওবা বিভিন্নধৰণৰে কৈছে তথাপিটো শেষত গৈ অৰ্থ একেটাই হৈছে বাবে মই সংক্ষিপ্তে বৰ্ণনা কৰিলো ৷

এতিয়া আহিছো ভাৰতৰ শোচনীয় পৰাজয়ৰ মূল কাৰণ কেইটালৈ ৷

(১) প্ৰত্যেকটিদলৰে এটি আত্মবিশ্বাস থাকে তথা থাকিবও লাগে ৷ আত্মবিশ্বাসী নহ’লে কোনেও একোকে কৰিব নোৱাৰে ৷ কিন্তু সেয়ে বুলিয়ে লগাতকৈ বেছি আত্মবিশ্বাসী হৈ অনুশীলন নকৰি ঘূৰি-ফুৰিব নেলাগে ৷

(২) আমি সকলোৱে জানো ইংলেণ্ডৰ খেলপথাৰ কেইখন সদায় ভাৰতীয় খেলুৱৈসকলৰ বাবে ভগৱানৰ আশিৰ্বাদস্বৰূপ হৈ আহিছে সেয়ে টছ জিকিওঁ অহংকাৰ কৰি বলিং প্ৰথমে লৈ তাকো ফাইনেলৰ দৰে খেল এখনত এইটটো কৰাতো সঠিক নাছিল ৷

(৩) মাত্ৰ এখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে বেয়া ব’ল কৰিলে বুলিয়ে উমেশ যাদৱক বহুৱাই থোৱা আৰু লগতে মোহম্মদ শ্বামীক খেলিবলৈ নিদি ফৰ্মত নথকা অশ্বিনক বাৰেপতি অভাৰ দিয়াটো মুৰ্খামি আছিলে ৷

(৪) যথেষ্ট সময় আৰু অভাৰ পোৱাৰ পিছতো ছুপাৰফাষ্ট দৌৰ বুলি যিটোক কোৱা হয় সেই ভুলটো কৰিব নেলাগিছিল ৷ সময় হাতত থকাৰ পিছতো ভালদৰে ভাবি চিন্তি লাহে-ধিৰে খেলিব লাগিছিল ৷

আৰু (৫) ফিল্ডিং অৰ্ডাৰ সঠিক নাছিল ভাৰতৰ ৷ যিটো ৰণনীতিৰে খেলিব লাগিছিল সেইটোত নিজৰ সমস্ত জ্ঞানৰ প্ৰয়োগ নকৰাৰ ফলত পাহাৰ সদৃশ এটি ৰানৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷

.

এতিয়া আহো গৌতম গম্ভীৰ আৰু চোৱেব আখক্তাৰ ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া তথা বিশ্লেষণলৈ ৷

দুয়োজনৰে প্ৰতিক্ৰিয়া সম্পূৰ্ণ একেই আছিলে সেয়ে এজন-এজনকৈ নকওঁ আৰু ৷

দুয়োজনৰ মতেই ভাৰতে বিনা বাধাই যোৱাকালি জিকিব পাৰিলে হয় যদি ভাবি চিন্তি খেল খন বুজি খেলিলে হয় ৷ কিয়নো ইয়াৰ আগুতে ভাৰতে এনে বহু ৰাণৰ সন্মুখীন ৰৈছে তথা সুফলো পাইছে যদিহে বেটিং প্ৰথমে ল’লে হৈ ৷ ভাৰতীয় ক্ৰিকেট দলে শত্ৰুৰ ৰণনীতি সন্দৰ্ভত অকনো সতৰ্ক অৱলম্বন নকৰি কিবা সৰু-সুৰা ঘৰুৱা টুৰ্নামেন্ট খেলৰ দৰে খেলিছিলে ৷ উমেশ যাদৱৰ দৰে পেছ বলাৰ এজন যিয়ে ১৪০-১৪৫ বেগত ব’ল দিয়ে তেওঁক খেলপথাৰত নামিবলৈ নেদিয়াটো আটাইতকৈ ডাঙৰ ভুল তাকো ফাইনেলত য’ত পেছ ব’লাৰৰ কাম বেছি ৷ যদি বাংলাদেশ , ছাউথ আফ্ৰিকা অথবা শ্ৰীলংকাৰ বিৰুদ্ধে বহুৱাই থলে হৈ তেন্তে ক’বলগীয়া একো নাছিল কিন্তু পাকিস্তান য’ত ওপৰৰ পৰা তললৈ দুটামানক বাদ দি বাকিকেটা সোহাতীয়া হয় তাত উমেশ যাদৱক খেলিব নেদিয়াটো বিৰাট কহলিৰ ভুল হ’ল ৷ আৰু ৰবিন্দ্ৰ জাডেজা , অশ্বিনে লগাতকৈ বেছি বেগত বলিং কৰিছিল যেন উইকেট নহয় ৰাণ দিয়াৰ হে থিৰাং কৰিছিল ৷ 

.

আৰু এতিয়া শেষত আহিছো মোৰ কথালৈ ৷ মই ওপৰত লিখাখিনি মোৰ কথা নহয় সেইখিনি বিশেষজ্ঞসকলৰ নিজৰ মন্তব্য ৷ আৰু মই ক্ৰিকেটৰ ক্ষেত্ৰত ওস্তাদ হ’বলৈ নেযাও যিহেতু ক্ৰিকেটৰ কথা মই ইমান এটা নেজানো আৰু বেছি ৰাপো নাই ৷ মই ২০১৫ চনত বিশ্বকাপৰ ছেমি ফাইনেলৰ দিনাখন ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হৰাৰ পিছতো কৈছিলো আজিও কও আৰু আগলৈ ও কৈ থাকিম যে খেল এখনত হৰা-জিকা থাকিবই ৷ হয়তোবা আমি সঠিক ৰণনীতিৰে খেলিলে আমি জিকিম নহয়তোবা বিৰুধীয়ে জিকিব ৷ কিন্তু সেইবুলিয়ে কোনো হাৰিল বুলিয়ে দলটোৰ বিৰুদ্ধে আল্টু-ফাল্টু কমেন্ট মৰা তথা কোনো খেলুৱৈক লৈ কিবা বেয়াকৈ কোৱাটো অনুচিত ৷ এতিয়া বেছি দুৰলৈ নেযাও যোৱাকালি ৰবিন্দ্ৰ জাডেজাই যিটো কৰিছিল কোনো জানি বুজি কৰা নাছিলে ৷ কোনেও ফাইনেলত তেনেকুৱা নকৰে ৷ এবাৰ ভাবি চাওক  ইমান ৰাণ তাতে আকো খেলুৱৈ নাই সকলো ৰাণিং মেছিনবোৰ ইতিমধ্যে পেভেলিয়েণলৈ উভতি গৈছে তেন্তে বহুতো প্ৰেছাৰ আহে আৰু সেই প্ৰেছাৰত আপুনি বহুতো কাম নভবাকৈ কৰি দিয়া যায় ৷ যদি আগৰ কেটাই অলপ হ’লেও ৰাণ বনাই থৈ গলে হৈ তেন্তে কথা নাছিলে কিন্তু এনে এটা দুৱন্ত নাৱৰ পৰিবেশ গঢ়ি থৈ যোৱাৰ পিছত এনেও তাহাতিয়ে বিশেষকৈ পাণ্ডিয়াই একো ইমান কৰিব নোৱাৰিলে হয় ৷ ৪ নম্বৰ উইকেটৰ পিছত এনেও ভাৰত যে হাৰিব সেইটো খাটাং হৈছিলেই ৷ সেয়ে ৰবিন্দ্ৰ জাডেজাক মোৰ মতে দোষ দিয়াটো অনুচিত ৷ দোষ দিলে সকলোকে দিব কেৱল এটাক নহয় ৷ আৰু আমি ইমানবাৰ হৰুৱাইছো তাহাতক সেয়ে ল’বলৈ দিয়ক এবাৰ জয়ৰ সোৱাদ ৷ তাহাতিয়ে এতিয়া জয়ৰ সোৱাদ লৈ মগ্ন নহৈ যদি নিজকে অধিক শক্তিশালী হৈ তেন্তেহে খেল জমিব নহ’লে টাক্কাৰকা মেছ কেনেকৈ হ’বনো;  হয় নাই ? সেয়ে বেয়া কোৱা বন্ধ ক’ৰক ৷ তেখেতসকল আমাৰ হিৰো আছিলে , আছে আৰু সদায় থাকিবও ৷ আমাৰ গৌৰৱ হয় সেইটো দল আমাৰ সকলোৰে মৰমৰ ভাৰতীয় ক্ৰিকেট দল যিয়ে আমাক বহুবাৰ গৌৰৱান্বিত কৰি তুলিছে ৷ ভাৰতীয় ক্ৰিকেট দল ফাইনেল পোৱাটোও সহজ নহৈ তোমালোকে ভাল খেলিছা , একো নাই অহাবাৰলৈ ভালদৰে খেলিবলৈ যত্ন কৰিলেই হ’ল ৷ ধন্যবাদ ৷

.

#জয়আইঅসম

#জয়ভাৰত

#itsking311 😉

ধন্যবাদ ❤ ৷

গুৱাহাটীৰ হিংসকসকললৈ মোৰ একাষাৰ ৷

Rabi Jt Boruah – Lakhimpur ( Assam )

AJ Arnav – Jorhat ( Assam )

& Biman Deka – Nalbari ( Assam )
তহঁত তিনি মহাশয়ক কোটি কোটি প্ৰণাম মোৰ তৰফৰ পৰা ৷ সঁচাই কি নিদৰ্শন দাঙি ধৰিছ্ বাপৰে গুৱাহাটী মহানগৰক নিজৰ মিম কেডালত সজাই-পৰাই যিদৰে প্ৰদৰ্শন কৰিছ্ এখনি ফুলাম গামোছা , জাপি এটা আৰু অসম গৌৰৱ এশেঙীয়া গড়ৰ প্ৰতিমূৰ্তি এটা-এটা আগবঢ়াই সসন্মানে অসম ৰত্ন দিবই লাগে আৰু ৷ মই দুটা দিন গুৱাহাটী আৰু অসমৰ আন চহৰবোৰৰ মাজৰ প্ৰাৰ্থক্য উলিয়াই দিছো নেভাবো আৰু কিবা ক’বলৈ বাকি থাকিছে ৷ এতিয়া কথা হ’ল এইবাৰ এইটো বিষয় ইমানকে হৈছে কিয় আৰু ইয়াৰ অন্তৰালত থকা উদ্দেশ্য কি ? কাৰণ তহঁতি আটাইকেটাই জানো যিমানেই লেবেল নামাৰো কেলেই গুৱাহাটী সদায় আছিলে , আছে আৰু উত্তৰ-পূবৰ দুৱাৰমুখ হৈ থাকিব ৷ কোনো এটা বস্তু যিমানেই ডাঙৰ হওঁক অথবা সৰু হওঁক গুৱাহাটী অবিহনে অসম কি গোটেই উত্তৰ-পূব খনতেই হ’ব নোৱাৰে ৷ গুৱাহাটী অবিহনে কোনেওঁ এখোজ কাঢ়ি আগুৱাই যাবলৈ নোৱাৰ্ আৰু এইটোই ব্ৰহ্মসত্য ৷ সৰুৰ পৰাই তহঁতি যেতিয়া জনা-বুজা হওঁ তেতিয়া বাকি কিবা আমেৰিকা , জাপান শুনিলেওঁ গুৱাহাটী অহাৰেই মন মেল্ , নিজৰ সপোন গুৱাহাটীক লৈয়ে বনাও ৷ স্কুল-কলেজ বন্ধ দিলে গৰম-ঠাণ্ডাৰ দিনকেটাত তহঁত সকলোৰে গুৱাহাটীত থকা সম্বন্ধীয়বোৰৰ তালৈ ফুৰিবলৈ আহ্ , যেতিয়া গুৱাহাটীত ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় মানৰ কিবা এটা অনুষ্ঠিত হই তহঁতি দৌৰি আহ্ চাবলৈ ৷ গুৱাহাটীত সকলো আছে আৰু সেই সকলোবোৰক লৈয়ে তহঁতি আনন্দ কৰি , দিনকেটা ভালদৰে কটাই ফেচবুক / ইনষ্টাগ্ৰামত ফটো আপলড দি ঘৰা-ঘৰি হওঁ ৷ তাৰপিছত নিজৰ জেগাত গৈ তহঁতৰ আত্মীয় , বন্ধু আটাইবোৰৰ ওচৰত অকন হলেওঁ গৰ্ব কৰি গুৱাহাটী গৈছিলো বুলি কওঁ ৷ সেইটোত একো বেয়া নাই ৷ আহিছ্ , ফুৰ্তি কৰিছ্ , গুৱাহাটীক লৈ গৰ্ব কৰিছ্ ভাল কথা তাৰপিছত আকৌ আহিবি আৰু আহিব লাগে ৷ আমি জানো তহঁতৰ জেগাবোৰত নেযাও ? কিন্তু কোনো গুহেইটাৰ তাত দেখিছনে কেতিয়াবা গুৱাহাটীৰ বাহিৰত ফুৰিব গৈ সকলোবোৰ কৰি অহাৰ পিছত বদনাম গোৱা , এনেদৰে তহঁতৰ দৰে বেয়াকৈ প্ৰচাৰ কৰা ৷ নকৰে ভাই এখন অসম , এটাই জাতি অসমীয়া হয় , যি জনজাতি-গোষ্ঠী , ধৰ্মৰেই নহওঁক কেলে ৷ তহঁতৰ কথা বেয়াকৈ কলে যদি বেয়া লাগে ভাৱচোন আমাৰ জানো লগা নাই ৷ নকৰিবি এইবোৰ , নেপাই ৷ এইবোৰ কৰিলে শত্ৰুই লাই পাই আৰু আমাক এঘৰীয়া কৰিবলৈ সাহস পাই ৷ আমি নিজে-নিজৰ মানুহৰ মাজত অৰ্থহীন কাজিয়া কৰি , এটাই আনটোক বেয়াকৈ গালি-শপনি পাৰি লাভ জানো হ’ব কিবা ৷ চাচোন ওপৰত ব্ৰেকেটৰ ভিতৰত অসম বুলি লিখা আছে ৷ কিমান ধুনীয়া অসম শব্দটি তেনেকৈয়ে থাকিব দেচোন ৷ এইবোৰ কৰি অসম শব্দটিৰ যি সাতামপুৰুষীয়া ঐতিহ্য আছে তাক অবাবত নষ্ট হ’বলৈ কিয় দিয়নো ৷ দেখিছো চিলাপথাৰত কি হৈ গ’ল , নাগালেণ্ড , মণিপুৰ , অৰুণাচলীবোৰে কি কৰি আছে ৷ আৰু চাচোন অসমতটো গোটেই বাকি ছয়ভনিৰ বিভিন্নজনে নিজৰ-নিজৰ কামত গুৱাহাটীলৈ আহে কিন্তু বাহিৰ হ’লেও জানো বদনাম কৰে ৷ অসমৰ নহয় অথচ গুৱাহাটীক লৈ তাহাতিয়ে বাহিৰত গৌৰৱ কৰে ৷ উদাহৰণ আমাৰ কেন্দ্ৰী‍য় গৃহৰাজ্য মন্ত্ৰী কিৰণ ৰিজুজুদেৱ ৷ অৰুণাচলী হয় কিন্তু কি মজা অসমীয়া কৈ ৷ উত্তৰ-পূব আহিলে গুৱাহাটী আহিবই আৰু গুৱাহাটীৰ কথা ইমান ভালদৰে কই ৷ তেন্তে আমি একেবোৰেই কিয়নো বাৰে-বাৰে এইবোৰকে পখালি থাকো ৷ ইমান আগলৈ যাব নেলাগে আজিৰ পৰা মাত্ৰ ৩৫-৪০ বছৰ আগুতে গুৱাহাটী আজি তহঁতৰ চহৰবোৰ যেনে তাতকৈও বেয়া আছিলে ৷ কিনো আছিলে একোৱেই নাই সকলোবোৰচোন গুৱাহাটীৰ বাহিৰতেই ৷ সংস্কৃতিৰ চহৰ , শিক্ষাৰ চহৰ , প্ৰথম তৈলক্ষেত্ৰ , চাহবাগান , ৰেললাইন , বুৰঞ্জী গৰকা চহৰ সকলোবোৰটো গুৱাহাটীৰ বাহিৰতেই ৷ গুৱাহাটী ১৮ শ শতিকাৰ মাজ ভাগৰ পৰাহে বেছিকৈ জনাজাত হ’ল ৷ তেন্তে কি আছিলে গুৱাহাটীত ? মোৰ ককা , খুড়া , দেউতা হ’তে কৈয়ে থাকে কেতিয়াবা কিছু কথাৰ মাজত ৪০ বছৰ আগুতে গুৱাহাটী এখন পথাৰ আছিল ৷ দেউতাহ’তে সৰু থাকোতে গুৱাহাটীত সৰু-সুৰা কেটামান বস্তুৰ বাহিৰে আন একোই নাছিলে ৷ তেন্তে ভাৱচোন গোটেই অসমখনত এটা সময়ত গুৱাহাটীয়ে বোধ কৰো আটাইতকৈ দুখীয়া আৰু পিছপৰা আছিলে কিন্তু চা সেই গুৱাহাটীয়ে আজি সকলোকে বুঢ়া আঙুলি দেখুৱাই ইমানখিনি আগবাঢ়িলে ৷ ককাহতে মাত্ৰ ১৪০০ টকাত বিঘা-বিঘা মাতি কিনিছিলে এতিয়া মইচোন জোতা এজোৰতেই ১৪০০ খেদাও ৷ মই নিজৰ অভিজ্ঞতাৰ পৰা কওঁ গুৱাহাটীৰ বাহিৰত গলে তহত সকলোৱে গুৱাহাটীৰখিনিৰ আগত কথা বখলি থাক্ কিন্তু তহঁতিয়ে যদি গুৱাহাটী আহ্ কোনেও একো কবলৈ নেযায় বৰং ট্ৰল দিয়া কেটাও যদি অহাকালিলৈ গুৱাহাটী আহ্ তহঁতে তেতিয়া সহায় বিচাৰিলে সহায় হে কৰিব ৷ খং উঠে এইখন কৰিলে কিন্তু সেইখন আৰু মিনিততে শেষো হৈ যায় ৷ গুৱাহাটী সকলোৰে বাবে , সেইবাবেইটো ৰাজধানী চহৰ ৷ যেতিয়া ছিলংৰ পৰা ৰাজধানী আনাৰ যোজা চলোৱা হৈছিলে অসমৰ বিভিন্নখন জেগাৰ বিভিন্নজনে তাহাতৰ নিজৰ জেগালৈ নিবৰ বাবে যথেষ্ট চেষ্টা কৰিছিলে ৷ কিন্তু ভৱিষ্যত চাই সকলোৱে পিছত গুৱাহাটীকে নিশ্চিত কৰিলে ৷ কোৱা হৈছিলে আজিআমি নভৱা-নিচিন্তাকৈ এখন অইন জেগালৈ ৰাজধানী লৈ যাম পিছত কিন্তু চাৰিওঁপিনে কাজিয়া হৈ যাব , ভেদাভেদৰ ৰোল বাজি উঠিব আৰু জাতিটোৰ ইমান সমস্যা তাৰ মাজত এইটো নতুন সমস্যাক টানি আনিব নোৱাৰি ৷ সেয়ে পিছত গুৱাহাটীৰ নাম নকোৱা প্ৰত্যেকে হয়ভৰ হ’লে আৰু হৰি-ধ্বনিৰে গুৱাহাটীক ৰাজধানী পাতি অসমক আগুৱাই নিবলৈ এক হ’ল ৷ অসম যদি আমাৰ মাতৃ তেন্তে গুৱাহাটী আমাৰ পিতৃ হয় আৰু আমি যেনেকৈ আমাৰ পিতৃৰ হাতৰ আঙুলিত ধৰি জীৱনত খোজ কঢ়া শিকো তেনেদৰে বাকিবোৰেও এই গুৱাহাটীৰ আঙুলিত ধৰি সেই একেই তেনেতৰে আগবাঢ়িব লাগিব ৷ আমাক আমাৰ পিতৃয়ে গালি পাৰিলে আমি যেনেদৰে একো নকও তেনেদৰে গুৱাহাটীকো একো কব নেলাগে ৷ আমি আমাৰ পিতৃৰ কিবা সমস্যা হ’লে জানো হাত সাবতি বহি ঠাট্টা কৰো ; নকৰো তেন্তে গুৱাহাটীৰ কিবা এচা হ’লে বাকি বোৰেও আগবাঢ়ি আহিব লাগে আৰু নোৱাৰিলেও অন্তত চেষ্টা কৰ ৷ পিতৃ সুষ্ট মানে মাতৃ সুষ্ট আৰু গোটেই পৰিয়াল তেতিয়া একদম হৃষ্ট-পুষ্ট ; নহয়নে বাৰু ৷ সেয়ে এইবোৰ নকৰিবা আৰু ৷ গুৱাহাটীয়ে বহুত সহিছে জানা , তাৰপিছতো সদায় আনৰ কথাকে ভাবি নিজে সকলোবোৰ মনে-মনে সহি থাকে কাকোৱে এটা তু শব্দও নকয় ৷ আজি বেয়াকৈ কৈছা গুৱাহাটীয়ে অহাকালি আকৌ আদৰিও লব ৷ সেয়ে গুৱাহাটীক বেয়া পাই , গুহেইটাক বেয়া পাই একো লাভ নাই বৰং নিজৰহে বেয়া হ’ব ৷

বাৰু বহুত কলো আৰু নকওঁ বুজা কথাবোৰ আৰু গৌৰৱ কৰা গুৱাহাটীক লৈ ৷ তুমি এবাৰ গুৱাহাটীক মৰম দেখুওৱা তোমাক গুৱাহাটীয়ে হেজাৰ বাৰ দেখুৱাব ৷ সদায় তোমাৰ উন্নতিৰ , জীৱনৰ জয়ৰ আৰৰ ৰহস্য হৈ থাকিব ৷

.

#জয়আইঅসম

#জয়ভাৰত

#অপৰূপগুৱাহাটীজয়গুহেইটা

#Uniteweঅসমীয়াare

#itsking311 😉

ধন্যবাদ ❤ ৷